যিবোৰ কথা সততে মানি চলা নহয়...
যিবোৰ কথা সততে মানি চলা নহয়
ছাতিয়ে বৰষুণ ৰখাব নোৱাৰে, কিন্তু বৰষুণত থিয় হোৱাৰ সাহস দিয়ে . সেইদৰে আত্মবিশ্বাসে সফল (success) হোৱাটো নিশ্চিত নকৰে, কিন্তু জীৱন যুঁজত যুঁজাৰ প্ৰেৰণা অৱশ্যেই দিয়ে . পোহৰে একোকে নকয়, কিন্তু ইয়াৰ উজ্জলতাই পৰিচয় দিয়ে . সেইদৰে আপুনি একোকে নকওক, ভাল কাম কৰক, সিয়েই আপোনাৰ পৰিচয় দিব . যাৰ নীতি ভাল তেওঁৰ সদায় উন্নতি হ'ব . মই শ্ৰেষ্ঠ আত্মবিশ্বাস, কিন্তু কেৱল ময়ে শ্ৰেষ্ঠ সেইটো অহংকাৰ . এটা সঁচা কথা --- মানুহে কয় আপুনি ভাল কৰক, কিন্তএইটো কেতিয়াও নিবিচাৰে যে তেওঁতকৈ ভাল কৰক . দুই হাতেৰে পঞ্চাছজন মানুহক মাৰিব নোৱাৰি, কিন্তু দুইহাত যোৰ কৰি লাখ মানুহৰ মন জিনিব পাৰি . কোনো মানুহ আপোনাৰ ওচৰত তিনিটা কাৰণত আছে, ভাৱত, অভাৱত আৰু প্ৰভাৱত . যদি ভাৱত আহে তেওঁক মৰম কৰক, যদি অভাৱত আহিছে তেওঁক সহায় কৰক আৰু যদি প্ৰভাৱত আহিছে তেতিয়া আপুনি সুখী হওক যে ভগৱানে আপোনাক ইমান শক্তি দিছে . জীৱনত খালী পেট আৰু খালী জেপে যিখিনি শিকায় সেয়া বিশ্ববিদ্যালয় বা শিক্ষকে শিকাব নোৱাৰে .
জীৱনত কাৰোবাক সুখী কৰাৰ সুবিধা পালে নিশ্চয় কৰিব, কাৰন এই সুবিধা খুব কম সংখ্যকে পায় . ইমানবোৰ জীৱৰ ভিতৰত কেৱল মানুহেই ধন উপাৰ্জন কৰে, কিন্তু কোনো জীৱ ভোকত নমৰে আৰু মানুহৰ কেতিয়াও পেট নভৰে . দৌৰত দৌৰা ঘোঁৰাই এইটো নাজানে জিকা কাক কয়, সি কেৱল মালিকে দিয়া কষ্টৰ ফলতহে দৌৰে. সেয়ে আপোনাৰ জীৱনত যদি কেতিয়াবা কষ্ট আহে তেতিয়া ভাবিৱ যে ভগৱানে আপোনাক জিকাব বিচাৰিছে. যিখিনিৰ পৰা আমাৰ স্বাৰ্থ শেষ হয় তাৰ পৰা মানৱিয়তা আৰম্ভ হয়. প্ৰত্যেকৰে শুনক আৰু প্ৰত্যেকৰ পৰা শিকক. কাৰন প্ৰত্যেকে সকলো নাজানে, কিন্তু প্ৰত্যেকে কিবা নহয় কিবা এটা নিশ্চয় জানে. সম্পৰ্ক যদি মনৰ মিলনেৰে হয় তেতিয়া চিঙা অসম্ভৱ, কিন্তু যদি স্বাৰ্থত হয় সেয়া দীৰ্ঘস্বায়ী হোৱাটো অসম্ভৱ. আপোনাৰ সৰলতাক যদি কোনোবাই দুৰ্বলতা বুলি সেয়া তেওঁৰ সমস্যা. শ্ৰদ্বায় জীৱন দিয়ে, নম্ৰতাই মান দিয়ে আৰু যোগ্যতাই স্থান দিয়ে আৰু যদি তিনিওটা একলগ হয় তেতিয়া মানুহক সকলোতে সন্মান দিয়ে.

শ্বেয়াৰ কৰিছে গুৱাহাটী,এয়াৰপৰ্টৰ নিতুমণি দাস-এ
আপুনিও লিখিব পাৰে আৰু জিকিব পাৰে ৫০০ টকা প্ৰতিদিনে... যদি কাৰোবাৰ লিখিব মন থাকে তেন্তে comment কৰি জনাবলে অনুৰোধ কৰিলো

Comments
Post a Comment