বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু তেওঁৰ মগজু Albert Einstein
বিশ্ব বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন Albert Einstein আৰু তেওঁৰ মগজু কুৰি শতিকাৰ আটাইতকৈ তীক্ষ্ণ মেধাসম্পন্ন ব্যক্তি এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হৈছিল 1955 চনৰ 18 এপ্ৰিল তাৰিখে ৷ আমেৰিকাৰ নিউ জাৰ্ছি চহৰৰ প্ৰিন্সটন হস্পিটালত পুৱাৰাতি 1:15 ত মৃত্যু বৰণ কৰাৰ আগমূহুৰ্তত তেওঁ শেষবাৰৰ বাবে দুটামান বাক্য কৈছিল যদিও সেই সময়ত তেওঁৰ লগত থকা নাৰ্চ গৰাকীয়ে জাৰ্মান ভাষা নজনাৰ ফলত আইনষ্টাইনৰ জীৱনৰ শেষ কথাখিনি কি আছিল সেই কথা আজিও পৃথিৱীয়ে গম নাপালে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 76 বছৰ ৷ পৃথিৱীক অজস্ৰ অৱদান দি যোৱা নবেল বটা বিজয়ী এই বিস্ময়কৰ লোকজনৰ মগজুত দৰাচলতে এনে কি বস্তু আছিল যাৰ ফলত কোটি কোটি মানুহতকৈ তেওঁ বহু বেছি উচ্চ স্তৰৰ চিন্তা কৰিব পাৰিছিল সেয়া জানিবলৈ সমগ্ৰ বিশ্বৰ সকলো লোকৰে সদায় এক উৎসুকতা আছিল ৷ সকলোৱে ধৰি লৈছিল যে কুৰি শতিকাৰ এই বিষ্ময়কৰ মগজুটো নিশ্চিতভাৱে আন সকলো মগজুতকৈ পৃথক হবই লাগিব ৷ এনে কোটি কোটি উৎসুক লোকসকলৰ ভিতৰত এজন আছিল আমেৰিকাৰ চিকিৎসক থমাছ ষ্টোল্জ হাৰ্ভি ৷ 1955 চনৰ 18 এপ্ৰিলৰ দিনাও হাৰ্ভি তেওঁৰ কৰ্মস্থলী প্ৰিন্সটন হস্পিটালতেই উপস্থিত আছিল ৷ সেইদিন...