জুইত পুৰা বা জ্বলোৱা তেজ পাতৰ উপকাৰ

জুইত পুৰা বা জ্বলোৱা তেজ পাতৰ উপকাৰ:-


ফেচবুকৰ পৰা সংগৃহীত লিখাটো অসমীয়াত অনুবাদ কৰিলোঁ।

গৱেষণাত দেখা গৈছে যে, তেজ পাতত নিহিত একাধিক উপাদান- জুইত পুৰা বা জ্বলোৱাৰ সময়ত ধোঁৱা(smoke) হৈ বতাহত মিশ্ৰিত হয়।
তাৰ পিছত শ্বাস প্ৰশ্বাসৰ মাধ্যমত আমাৰ শৰীৰত প্ৰৱেশ কৰে, তেতিয়া দেহৰ ভিতৰত একাধিক পৰিৱৰ্তন হোৱা আৰম্ভ কৰে। লগতে বহুধৰণৰ উপকাৰ পোৱা যায়।

১) ক্লান্তি দূৰ হয়:- তেজ পাত জুইত জ্বলালে বা পুৰিলে, উৎপত্তি হোৱা তাৰ ধোঁৱা (smoke)ৰ পৰা উপকাৰ পোৱা যায়। আচলতে এই প্ৰাকৃতিক উপাদানটোত আছে প্ৰচুৰ মাত্ৰাত "পিনাইন, সিনেওল আৰু এলিমেসিন" ৰ নিচিনা উপাদান, যি ধোঁৱা(smoke)ৰ মাধ্যমত আমাৰ শৰীৰত প্ৰৱেশ কৰা মাত্ৰেই নাৰ্ভৰ ক্ষমতা বঢ়ায়। তাৰ লগতে এনাৰ্জীৰ অভাৱ দূৰ হয়। ফলত শৰীৰ চাঙা হৈ উঠে।

২) তেজ পাতৰ ধোঁৱাই পইতাচৰা/কোক্ৰচৰ উপদ্ৰৱ হ্ৰাস কৰে।

৩) ব্ৰেইনৰ শক্তি বাঢ়ে:- গৱেষণাত পোৱা গৈছে, এই ধোঁৱা যদি কম কৰি ১০ মিনিট ইনহেল কৰিব পৰা যায়, তেন্তে ব্ৰেইন cellৰ কৰ্ম ক্ষমতা ইমান মাত্ৰাত বৃদ্ধি পায় যে ক্লান্ত দূৰ হৈ মনোযোগ বৃদ্ধি পোৱা আৰম্ভ কৰে। ইয়াত থকা "পিনাইন, সিনেওল আৰু এলিমিসিন" নামক একাধিক ক্যামিকেল এ শৰীৰ আৰু মস্তিষ্কৰ ক্লান্তি দূৰ কৰে। ফলত স্বাভাৱিক ভাৱেই ব্ৰেইন আৰু শৰীৰৰ কৰ্মক্ষমতা বৃদ্ধি পায়।

৪) এংজাইটি আৰু মানসিক অৱসাদৰ প্ৰকোপ কমে:- একাধিক গৱেষণাত দেখা গৈছে, তেজ পাতৰ ধোঁৱা শৰীৰত প্ৰৱেশ কৰিলে মগজুৰ ভিতৰত এনে কিছুমান পৰিৱৰ্তন হ'ব আৰম্ভ কৰে যে এংজাইটি, ট্যানচোন ও মানসিক চাপ কমিবলৈ আৰম্ভ কৰে। প্ৰসংগত, "আমেৰিকান এছোচিয়েচোন অফ নাৰ্ছ এনেস্থেশিষ্ট"ৰ প্ৰতিনিধি সকলৰ এক গৱেষণাত দেখা গৈছে যে তেজ পাতৰ গোন্ধ নাকত গলে ব্ৰেইন একটিভিটি ও বাঢ়িবলৈ আৰম্ভ কৰে।

৫) ডায়েবেটিছৰ নিচিনা ৰোগ দূৰত থাকে:-  US National Library medicine ত প্ৰকাশিত ৰিপোৰ্ট অনুসাৰে প্ৰতিদিন ১-৩ গ্ৰাম তেজ পাত পুৰিলে/জ্বলালে, তাৰ ধোঁৱাই ইনচুলিনৰ উপাদান ইমান মাত্ৰাত বৃদ্ধি কৰে যে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ কোনো আশংকা নাথাকে। প্ৰসংগত, এই পৰিমাণৰ তেজ পাত যদি প্ৰতিদিন খাব পৰা যায়, তেন্তে সমান উপকাৰ পোৱা যায়।

৬) শৰীৰৰ ভিতৰৰ প্রদাহ কমায়:- তেজ পাতত থকা এন্টি ইনফ্লেমেটাৰী উপদানে শৰীৰৰ ভিতৰত হ'বলৈ ধৰা "প্রদাহ" কমাবলৈ আৰম্ভ কৰে। ফলত স্বাভাৱিকতেই জয়েন্ট পেইন কমিবলৈ আৰম্ভ কৰে আৰু লগতে যি কোনো যন্ত্ৰণা কমি যায়। তেজ পাতত থকা "ইগুৱেন্যাল" নামৰ উপাদান টি এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।

৭) ৰেচপিৰেটৰি চিষ্টেমৰ কৰ্ম ক্ষমতা বৃদ্ধি কৰে:- বুকুত জমা হোৱা কফ/কাঁহ দূৰ কৰাত তেজ পাতৰ কোনো বিকল্প নাই বুলিলেই হয়। লগতে বায়ু দূষণৰ কাৰণে যাতে ফুচফুচিৰ কোনো ক্ষতি নহয়, সেয়াও এই উপদানে লক্ষ্য ৰাখে। ফলত ফুচফুচিৰ স্বাস্থ্যৰ উন্নতি ঘটে। এই ক্ষেত্ৰত তেজ পাত নূপুৰাই বা নজ্বলাই, পৰিষ্কাৰ গৰম পানীত কেইটিমান তেজ পাত পেলাই দি ভাপ লওঁক। দেখিব নিমিষতে চৰ্দি-কাঁহ তো কমিবই, লগতে ফুচফুচি ও সতেজ হৈ উঠিব।

৮) ৰোগ প্ৰতিৰোধ ক্ষমতাৰ উন্নতি ঘটে:- "ইগুৱেন্যাল" নামক উপাদানটিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।




(আপুনিও যদি আমাৰ লগত জৰিত হৈ কিবা লিখিব বিছাৰে তেন্তে আমাক হোৱাটচ্-এপ কৰি জনাব পাৰে
 ধন্যবাদ)
8876505441

Comments

Popular posts from this blog

বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন আৰু তেওঁৰ মগজু Albert Einstein

চালানী মাছৰ বিষয়ে কিছু জানিবলগিয়া কথা যি আপুনি হয়তুুুুবা নাজানে