চালানী মাছৰ বিষয়ে কিছু জানিবলগিয়া কথা যি আপুনি হয়তুুুুবা নাজানে
*_চালানী মাছৰ দেহত পোৱা ফৰ্মেলিনৰ কুপ্ৰভাৱ_*
🚫🚫🚫🚫🚫🚫🚫
বৰ্তমান সময়ত এটি আলোচনাৰ বিষয় হৈছে চালানী মাছত বিষ। স্বাস্থ্য বিভাগৰ অধীনত ধৰা পেলাইছে চালানী মাছৰ দেহত বিষাক্ত ৰাসায়নিক দ্ৰব্য ফৰ্মেলিনৰ। আজি আমি ফৰ্মেলিনৰ বিষয়ে কিছু কথা আলোচনা কৰিম।
ফৰ্মেলিন হ'ল এবিধ ৰাসায়নিক দ্ৰব্য। বিশ্বত উৎপাদিত ২৫ বিধ ৰাসায়নিক দ্ৰব্যৰ ভিতৰত অন্যতম। ৩০% - ৫৫% ফৰ্মেলদিহাইড আৰু মিথানেলৰ সংমিশ্ৰণ কৰি ফৰ্মেলিন প্ৰস্তুত কৰা হয়।বিভিন্ন ধৰণৰ কল-কাৰখানা, যেনে- চামৰা উৎপাদন, ৰেজিন, প্লাষ্টিক উৎপাদন, প্লাই ব'ৰ্ড উৎপাদন, খেতিপথাৰত ভেঁকুৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰস্তুত কৰা ঔষধি আদিত ফৰ্মেলিন ব্যৱহৃত হয়।
চিকিৎসা বিজ্ঞানত মৃত ব্যক্তিৰ শৰীৰ সংৰক্ষণ কৰি বহু দিনলৈ নপঁচাকৈ ৰাখিবলৈ ফৰ্মেলিনৰ ব্যৱহাৰ কৰা হয়।তদুপৰি বিজ্ঞানাগাৰত শৰীৰৰ কোনো অংগ-প্ৰত্যংগ নপঁচাকৈ ৰাখিবলৈও ফৰ্মেলিনৰ ব্যৱহাৰ কৰা হয়।ফৰ্মেলিন এবিধ এণ্টিচেপ্টিক ঔষধি। সেইবাবেই অস্ত্ৰোপচাৰ কক্ষ বীজাণুমুক্ত কৰিবলৈও ফৰ্মেলিন ব্যৱহৃত হয়।
খাদ্যসমূহ যাতে বহুদিনলৈ সতেজ হৈ থাকে, তাৰ বাবেই ব্যৱসায়ীসকলে ইয়াৰ ব্যৱহাৰ কৰে। বিশেষকৈ চালানী মাছ, যিবোৰ আমদানি কৰা হয় অন্ধ্ৰপ্ৰদেশ, গুজৰাট আদি বহিঃৰাজ্যৰ পৰা, তেনেবোৰ মাছ যাতে বহুদিনলৈ সতেজ হৈ থাকে, তাৰ বাবে ব্যৱসায়ীসকলে ফৰ্মেলিনৰ সহায় লোৱা দেখা যায়।বহিঃৰাজ্যৰ পৰা অসমলৈ মাছসমূহ আহি পাওঁতে প্ৰায় ৫/৬ দিন লাগি যায়। বৰফৰ মাজত মাছবোৰ ১০ দিনমানলৈ ভালে থাকে।সেয়েহে ব্যৱসায়ীসকলে আৰু ১০-১৫ দিনলৈ মাছসমূহ সতেজ কৰি ৰাখিবলৈ ফৰ্মেলিনৰ ব্যৱহাৰ কৰে।
ফৰ্মেলিন পানীৰ সৈতে মিহলাই মাছসমূহ তাত ডুবাই ৰখা হয়। কেতবোৰ ব্যৱসায়ীয়ে বেজীৰ দ্বাৰা মাছৰ শৰীৰৰ ভিতৰত এই বিষাক্ত দ্ৰব্য সুমুৱাই দিয়ে।
ফৰ্মেলিন এবিধ উৰণশীল ৰাসায়নিক। বতাহতকৈ ই পাতল বাবেই ই উৰণশীল হয়।
১) বায়ু মণ্ডলত মিহলি হোৱা ফৰ্মেলিন যেতিয়া আমাৰ শ্বাস-প্ৰশ্বাসৰ দ্বাৰা হাঁওফাঁওত প্ৰৱেশ কৰে, তেন্তে শ্বাসনলীৰ সংকোচন হ'বলৈ ধৰে আৰু ব্যক্তিজনে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে।
২) নাকৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰিব পাৰে আৰু বহুদিনলৈ সংস্পর্শত থাকিলে এজমা ৰোগত ভুগিব পাৰে।
৩) ছালৰ সৈতে সংস্পৰ্শলৈ আহিলে ছালত খজুৱতি, ছাল ৰঙা পৰা, এলাৰ্জী প্ৰভৃতি ৰোগ হ'ব পাৰে।
৪) খাদ্য দ্ৰব্যৰ সৈতে যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া মুখগহ্বৰত ঘাঁৰ সৃষ্টি কৰিব পাৰে।
৫) পেটলৈ গ'লে খাদ্য পৰিপাক প্ৰক্ৰিয়াত বিলম্ব হ'ব পাৰে। যাৰ ফলত পেট ফুলি থকা, আভোক আভোক লগা, পেটৰ বিষ, আনকি পেটৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰি ৰক্তক্ষৰণ হৈ মেলিনা প্ৰভৃতি ৰোগৰ সৃষ্টি কৰিব পাৰে।ৰোগীৰ মৃত্যুও হ'ব পাৰে। মনত ৰাখিব ৩০ মিলিলিটাৰ ফৰ্মেলিন সেৱন কৰা ব্যক্তিৰ মৃত্যু হ'ব পাৰে।
৬) খাদ্য হজম হ'লে ফৰ্মেলিন লিভাৰত প্ৰৱেশ কৰি লিভাৰৰ বিকৃতি কৰিব পাৰে।
৭) লিভাৰৰ পৰা যেতিয়া তেজৰ সৈতে মিহলি হ'ব তেতিয়া তেজৰ আম্লিক গুণৰ বৃদ্ধি কৰি এচিড'ছিছ ৰোগৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত ৰোগীৰ উশাহ-নিশাহ ঘন হ'ব আৰু সময়ত মৃত্যুও হ'ব পাৰে।
৮) নিয়মিত ফৰ্মেলিনযুক্ত খাদ্য খাই থাকিলে স্মৃতিশক্তি লোপ পাব পাৰে। চিন্তাশক্তি দুৰ্বল হ'ব পাৰে। অনবৰতে খিংখিঙীয়া স্বভাৱৰ হ'ব পাৰে তথা নাৰ্ভৰ অসুখ হ'ব পাৰে।
৯) ইয়াৰ বিষাক্ত ক্ৰিয়াৰ ফলত কেন্সাৰ ৰোগৰ প্ৰাৰ্দুভাৱ হ'ব পাৰে। ফৰ্মেলিনৰ ফলত মায়েলয়ড লিউকেমিয়া নামৰ ৰক্ত কেন্সাৰ হয় বুলি ইতিমধ্যেই গৱেষণাত ধৰা পৰিছে। তদুপৰি আন কেতবোৰ কেন্সাৰ ৰোগ হ'ব পাৰে বুলি বিজ্ঞানীসকলে সন্দেহ ব্যক্ত কৰি গৱেষণা চলাই আছে।
১০) কিডনী বিকল হ'ব পাৰে ফৰ্মেলিনৰ ফলত। ফৰ্মেলিনযুক্ত খাদ্য, কাৰ্বাইডযুক্ত খাদ্য, ছ'ডিয়াম বেনজইদযুক্ত খাদ্যৰ ফলতেই কিডনী বিকল (Renal failure)ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে।
১১) ফৰ্মেলিনে শৰীৰৰ কোষৰ আৱৰণ আৰু DNA ত আক্ৰমণ কৰাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ'বলৈ ধৰে। যাৰ ফলত ব্যক্তিজনে বিভিন্ন ৰোগত ভুগিবলৈ ধৰে।
১২) গৰ্ভৱতী মহিলাই ফৰ্মেলিনযুক্ত আহাৰ খালে গৰ্ভস্থ সন্তানৰ বিকৃতি হ'ব পাৰে।
মৃত মাছ, মাংস যেতিয়া অতি ৰঙচুৱা হয় তেতিয়া ফৰ্মেলিনৰ উপস্থিতি থকা বুলি সন্দেহ কৰিব পাৰি। মাছ-মাংসসমূহ টান টান হ'ব তথা শুঙি চালে জ্বলা জ্বলা গোন্ধাব বা চকুৰ কাষলৈ আনিলে চকু জ্বলা-পোৰা কৰিব।
প্ৰশ্নৰ উত্তৰত ক'ব লাগিব যে কোনো ধৰণৰ ৰাসায়নিক সহজলভ্য পৰীক্ষা কৰাৰ সাধন বৰ্তমানলৈ বজাৰত উপলব্ধ নহয়। বিজ্ঞানাগাৰসমূহত পৰীক্ষা উপলব্ধ যদিও সৰ্বসাধাৰণ মানুহৰ বাবে এয়া অসম্ভৱ।সেয়েয়ে চকুৰে পৰীক্ষা কৰাৰ বাহিৰে আন কোনো উপায় দেখা নাযায়।
বহু বিজ্ঞানীয়ে ঘৰতে ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰা দ্ৰব্য আৱিষ্কাৰ কৰিছো বুলি দাবী কৰি আহিছে যদিও বজাৰত উপলব্ধ হোৱা নাই।আমাৰ চৰকাৰে খাদ্য সুৰক্ষা বিভাগ তথা কৃষি গৱেষণা কেন্দ্ৰৰ সহায়ত যদি ঘৰতে বহি ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰা দ্ৰব্য বজাৰত উপলব্ধ কৰায়, তেতিয়াহ'লে ৰাইজ নিশ্চয় উপকৃত হ'ব আৰু চৰকাৰৰ এই প্ৰচেষ্টা ফলপ্ৰসূ হ'ব।
*(ৰাইজক সচেতন কৰিবৰ কাৰণে লেখাটো যিমান পাৰে share কৰক)*

👉🏻 *ফৰ্মেলিন কি ?*

👉🏻 *খাদ্য দ্ৰব্যত কিয় ফৰ্মেলিন ব্যৱহাৰ কৰা হয় ?*
খাদ্যসমূহ যাতে বহুদিনলৈ সতেজ হৈ থাকে, তাৰ বাবেই ব্যৱসায়ীসকলে ইয়াৰ ব্যৱহাৰ কৰে। বিশেষকৈ চালানী মাছ, যিবোৰ আমদানি কৰা হয় অন্ধ্ৰপ্ৰদেশ, গুজৰাট আদি বহিঃৰাজ্যৰ পৰা, তেনেবোৰ মাছ যাতে বহুদিনলৈ সতেজ হৈ থাকে, তাৰ বাবে ব্যৱসায়ীসকলে ফৰ্মেলিনৰ সহায় লোৱা দেখা যায়।বহিঃৰাজ্যৰ পৰা অসমলৈ মাছসমূহ আহি পাওঁতে প্ৰায় ৫/৬ দিন লাগি যায়। বৰফৰ মাজত মাছবোৰ ১০ দিনমানলৈ ভালে থাকে।সেয়েহে ব্যৱসায়ীসকলে আৰু ১০-১৫ দিনলৈ মাছসমূহ সতেজ কৰি ৰাখিবলৈ ফৰ্মেলিনৰ ব্যৱহাৰ কৰে।
👉🏻 *কেনেদৰে ব্যৱহৃত হয় ফৰ্মেলিন ?*
ফৰ্মেলিন পানীৰ সৈতে মিহলাই মাছসমূহ তাত ডুবাই ৰখা হয়। কেতবোৰ ব্যৱসায়ীয়ে বেজীৰ দ্বাৰা মাছৰ শৰীৰৰ ভিতৰত এই বিষাক্ত দ্ৰব্য সুমুৱাই দিয়ে।
👉🏻 *মানৱ শৰীৰত ফৰ্মেলিনৰ কুপ্ৰভাৱ*
ফৰ্মেলিন এবিধ উৰণশীল ৰাসায়নিক। বতাহতকৈ ই পাতল বাবেই ই উৰণশীল হয়।
১) বায়ু মণ্ডলত মিহলি হোৱা ফৰ্মেলিন যেতিয়া আমাৰ শ্বাস-প্ৰশ্বাসৰ দ্বাৰা হাঁওফাঁওত প্ৰৱেশ কৰে, তেন্তে শ্বাসনলীৰ সংকোচন হ'বলৈ ধৰে আৰু ব্যক্তিজনে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে।
২) নাকৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰিব পাৰে আৰু বহুদিনলৈ সংস্পর্শত থাকিলে এজমা ৰোগত ভুগিব পাৰে।
৩) ছালৰ সৈতে সংস্পৰ্শলৈ আহিলে ছালত খজুৱতি, ছাল ৰঙা পৰা, এলাৰ্জী প্ৰভৃতি ৰোগ হ'ব পাৰে।
৪) খাদ্য দ্ৰব্যৰ সৈতে যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া মুখগহ্বৰত ঘাঁৰ সৃষ্টি কৰিব পাৰে।
৫) পেটলৈ গ'লে খাদ্য পৰিপাক প্ৰক্ৰিয়াত বিলম্ব হ'ব পাৰে। যাৰ ফলত পেট ফুলি থকা, আভোক আভোক লগা, পেটৰ বিষ, আনকি পেটৰ ভিতৰত ঘাঁৰ সৃষ্টি কৰি ৰক্তক্ষৰণ হৈ মেলিনা প্ৰভৃতি ৰোগৰ সৃষ্টি কৰিব পাৰে।ৰোগীৰ মৃত্যুও হ'ব পাৰে। মনত ৰাখিব ৩০ মিলিলিটাৰ ফৰ্মেলিন সেৱন কৰা ব্যক্তিৰ মৃত্যু হ'ব পাৰে।
৬) খাদ্য হজম হ'লে ফৰ্মেলিন লিভাৰত প্ৰৱেশ কৰি লিভাৰৰ বিকৃতি কৰিব পাৰে।
৭) লিভাৰৰ পৰা যেতিয়া তেজৰ সৈতে মিহলি হ'ব তেতিয়া তেজৰ আম্লিক গুণৰ বৃদ্ধি কৰি এচিড'ছিছ ৰোগৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত ৰোগীৰ উশাহ-নিশাহ ঘন হ'ব আৰু সময়ত মৃত্যুও হ'ব পাৰে।
৮) নিয়মিত ফৰ্মেলিনযুক্ত খাদ্য খাই থাকিলে স্মৃতিশক্তি লোপ পাব পাৰে। চিন্তাশক্তি দুৰ্বল হ'ব পাৰে। অনবৰতে খিংখিঙীয়া স্বভাৱৰ হ'ব পাৰে তথা নাৰ্ভৰ অসুখ হ'ব পাৰে।
৯) ইয়াৰ বিষাক্ত ক্ৰিয়াৰ ফলত কেন্সাৰ ৰোগৰ প্ৰাৰ্দুভাৱ হ'ব পাৰে। ফৰ্মেলিনৰ ফলত মায়েলয়ড লিউকেমিয়া নামৰ ৰক্ত কেন্সাৰ হয় বুলি ইতিমধ্যেই গৱেষণাত ধৰা পৰিছে। তদুপৰি আন কেতবোৰ কেন্সাৰ ৰোগ হ'ব পাৰে বুলি বিজ্ঞানীসকলে সন্দেহ ব্যক্ত কৰি গৱেষণা চলাই আছে।
১০) কিডনী বিকল হ'ব পাৰে ফৰ্মেলিনৰ ফলত। ফৰ্মেলিনযুক্ত খাদ্য, কাৰ্বাইডযুক্ত খাদ্য, ছ'ডিয়াম বেনজইদযুক্ত খাদ্যৰ ফলতেই কিডনী বিকল (Renal failure)ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে।
১১) ফৰ্মেলিনে শৰীৰৰ কোষৰ আৱৰণ আৰু DNA ত আক্ৰমণ কৰাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ'বলৈ ধৰে। যাৰ ফলত ব্যক্তিজনে বিভিন্ন ৰোগত ভুগিবলৈ ধৰে।
১২) গৰ্ভৱতী মহিলাই ফৰ্মেলিনযুক্ত আহাৰ খালে গৰ্ভস্থ সন্তানৰ বিকৃতি হ'ব পাৰে।
👉🏻 *কেনেকৈ জানিব খাদ্যত ফৰ্মেলিন আছে বুলি ?*
মৃত মাছ, মাংস যেতিয়া অতি ৰঙচুৱা হয় তেতিয়া ফৰ্মেলিনৰ উপস্থিতি থকা বুলি সন্দেহ কৰিব পাৰি। মাছ-মাংসসমূহ টান টান হ'ব তথা শুঙি চালে জ্বলা জ্বলা গোন্ধাব বা চকুৰ কাষলৈ আনিলে চকু জ্বলা-পোৰা কৰিব।
👉🏻 *ঘৰতে পৰীক্ষা কৰিব পাৰিনে ?*
প্ৰশ্নৰ উত্তৰত ক'ব লাগিব যে কোনো ধৰণৰ ৰাসায়নিক সহজলভ্য পৰীক্ষা কৰাৰ সাধন বৰ্তমানলৈ বজাৰত উপলব্ধ নহয়। বিজ্ঞানাগাৰসমূহত পৰীক্ষা উপলব্ধ যদিও সৰ্বসাধাৰণ মানুহৰ বাবে এয়া অসম্ভৱ।সেয়েয়ে চকুৰে পৰীক্ষা কৰাৰ বাহিৰে আন কোনো উপায় দেখা নাযায়।
বহু বিজ্ঞানীয়ে ঘৰতে ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰা দ্ৰব্য আৱিষ্কাৰ কৰিছো বুলি দাবী কৰি আহিছে যদিও বজাৰত উপলব্ধ হোৱা নাই।আমাৰ চৰকাৰে খাদ্য সুৰক্ষা বিভাগ তথা কৃষি গৱেষণা কেন্দ্ৰৰ সহায়ত যদি ঘৰতে বহি ফৰ্মেলিনৰ উপস্থিতি পৰীক্ষা কৰা দ্ৰব্য বজাৰত উপলব্ধ কৰায়, তেতিয়াহ'লে ৰাইজ নিশ্চয় উপকৃত হ'ব আৰু চৰকাৰৰ এই প্ৰচেষ্টা ফলপ্ৰসূ হ'ব।
*(ৰাইজক সচেতন কৰিবৰ কাৰণে লেখাটো যিমান পাৰে share কৰক)*

Comments
Post a Comment